কলিয়াবৰ, 12 অক্টোবৰ :আজি মহা সপ্তমী ৷ পুৱাৰে পৰা দেৱী বন্দনাৰে মুখৰিত হৈছে ৰাজ্য ৷ প্ৰায় দুটা বছৰৰ অন্তত ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰিবলৈ লৈছে শাৰদীয় দুৰ্গা পূজা ৷
ইফালে দুৰ্গা পূজা বুলি সষ্টম হৈছে কলিয়াবৰৰ আৰক্ষী তথা প্ৰশাসন ব্যৱস্থা ৷ দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজত যাতে কোনো দুষ্কৃতিকাৰীয়ে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জখলাবন্ধা চহৰৰ মাজ-মজিয়াত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে বাহিৰ কৰে এক পদযাত্ৰা । কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ উপস্থিতিত জখলাবন্ধা চহৰত মহাষষ্ঠীৰ দিনা দেখা যায় আৰক্ষীৰ এই পদযাত্ৰা ।
যদি কোনো লোকে আইন-শৃংখলা ভংগ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ৷
লগতে পঢ়ক :মহাষষ্ঠী সম্পন্ন : ৰঙিয়াৰ বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গা পূজাত ভক্তৰ সমাগম