বদলিৰ পূৰ্বেই প্ৰতীক হাজেলাই দিব লাগিব ১৬০০ কোটিৰ হিচাপ - এন আৰ চি ৰ ৰাজ্যিক সম্বয়ক প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশলৈ বদলি
হাজেলাৰ বদলিত আছে চৰকাৰৰ ষড়যন্ত্ৰ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী বদলিৰ পূৰ্বেই প্ৰতীক হাজেলাই দিব লাগিব ১৬০০ কোটিৰ হিচাপ
নগাঁও,19 অক্টোবৰ : প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশলৈ বদলি কৰাৰ ঘটনাই সৃষ্টি কৰিছে আন এক নতুন বিতৰ্কৰ। এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰতীক হাজেলাক বদলি কৰাৰ পিছতেই বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ দাস আৰু নগাওঁ জিলা সমিতিৰ সভাপতি দীপমণি বৰাই প্ৰতীক হাজেলাই বদলিৰ পূৰ্বে এন আৰ চি ৰ নামত হোৱা ১৬০০ কোটি টকাৰ খৰছৰ হিচাপ দিয়াৰ দাবী উত্থাপন কৰিছে। লগতে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰাৰ স্বাৰ্থত হাজেলাৰ বদলিৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। হাজেলাৰ বদলিত চৰকাৰৰ ষড়যন্ত্ৰ থকাৰো অভিযোগ কৰিছে সংগঠনটোৱে।