নগাঁও, 30 নৱেম্বৰ : থলুৱাক পেটে ভাতে মৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে (Protest against NHA in Nagaon)। নগাঁৱৰ উৰীয়াগাঁও বাইপাছৰ সমীপৰ বৃহৎ ভূমি এটা বহিৰাগত কোম্পানীক লিজত দিয়াৰ অভিযোগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ।
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া বহু পৰিয়াললৈ অন্ধকাৰ নমাই অনাৰ আশংকাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ, দল-সংগঠন ।
থলুৱা লোকক উচ্ছেদ কৰি এটা বহিৰাগত কোম্পানীক ভূমি লিজত দিয়া কাৰ্যৰ বিৰুদ্ধে বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে (AJYCP protest in Nagaon)। বুধবাৰে উৰীয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে সংগঠনটোৱে ।