নগাঁও, 28 জুলাই :অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষী শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে নগাঁৱত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) প্ৰাণ দিবলগীয়া হৈছে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ।
নগাঁও চহৰৰ নতুন বজাৰত ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নতুন বজাৰৰ ৰাজপথ ৷ শীঘ্ৰেই অসমৰ সকলো সীমা সমস্যা (Border Dispute) সমাধান কৰিবলৈ চৰকাৰক সংগঠনটোৱে দাবী জনাই ৷
লগতে পঢ়ক :অসম-মিজোৰাম সীমান্ত সংঘাত: তিনি আৰক্ষী অধীক্ষকৰ সাল-সলনি