নলবাৰী, ১মাৰ্চ:নলবাৰী জিলাৰ মুকালমুৱাত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । মুকালমুৱা আৰক্ষী থানাৰ সন্মূখত তিনিটা দাবীৰ সমৰ্থনত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী । জিলাখনৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ভূমি বেদখল হৈ থকাক লৈ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest in Mukalmuwa) ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বেদখলী ভূমিত উচ্ছেদ কৰি বৰক্ষেত্ৰীক বেদখলমুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে । (AJYCP protest against Encroachment in Nalbari)। ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে বানৰ পূৰ্বে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে । তদুপৰি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।
ইপিনে, কালিৰে পৰা বৰক্ষেত্ৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত চৰাঞ্চলত নলবাৰী জিলা প্ৰশাসনে চলোৱা উচ্ছেদ বুধবাৰে বন্ধ ৰাখিছে । জিলা প্ৰশাসনে প্ৰথম দিনটোত প্ৰায় ১৫০ বিঘা চৰকাৰী ভূমিত জুপুৰী সাজি দখক কৰা সন্দেহজনক লোকসকলক উচ্ছেদ কৰে । আজিও উচ্ছেদ অভিযান অব্যাহত ৰখাৰ কথা আছিল যদিও সাময়িক ভাৱে প্ৰশাসনে বন্ধ ৰাখিছে । এই উচ্ছেদ চলি থকাৰ মাজতে আজি অসম জাতয়তাবাদী যুৱ ছাত্র পৰিষদ বৰক্ষেত্ৰী আঞ্চলিকে সমগ্ৰ বৰক্ষেত্ৰী বেদখলমুক্ত কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘন কাৰ্যসূচী ৰূপায়ণ কৰে ।