নগাঁও,5 জুন:নগাঁৱৰ বামুণী পাহাৰত ১৮ টাকৈ হাতীৰ মৃত্যুৰ প্ৰতিবেদন চৰকাৰে ৰাজহুৱা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad)ৰ নগাঁও জিলা সমিতি । ৰাজ্য চৰকাৰৰ বন বিভাগে প্ৰকাশ কৰা হাতীৰ মৃত্যুৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে । হাতীৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে চৰকাৰলৈ বহু কেইটা প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে ।
তপতজুৰি কাণ্ডক লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া - চামগুৰি থানা
তপতজুৰিৰ হাতীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত নগাঁৱৰ চামগুৰি থানাত অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষৰ লগতে মেচাৰ্চ এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷
![তপতজুৰি কাণ্ডক লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া ajycp press meet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12023073-thumbnail-3x2-k.jpg)
তপতজুৰিৰ হাতীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত নগাঁৱৰ চামগুৰি থানাত অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষৰ লগতে মেচাৰ্চ এজিউৰ পাৱাৰ ফৰ্টি প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । বিস্তৃৰ্ণ তপতজুৰি পাহাৰ সংলগ্ন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কেইখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰাৰ কাৰণে পৰৱৰ্তী দিনসমূহত বন বিভাগৰ হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী ভূমিকা কি বুলিও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে ।
লগতে পঢ়ক :সমষ্টিৰ উন্নয়নৰ বাবে তৎপৰ বিধায়ক ৰূপক শৰ্মা