চামগুৰি, ৩১ জুলাই: যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে অসমৰ আৰক্ষীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক ৰাজ্যৰ বিভিন্ন দল-সংগঠনে গৰিহণা দিছে । লগতে অসম আৰক্ষীৰ শ্বহীদ জোৱানসকলৰ ত্যাগৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন দল-সংগঠনে । শুকুৰবাৰে সন্ধিয়া নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।
সংগঠনটোৰ নেতা-কৰ্মীসকলে বন্তি প্ৰজ্বলন কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনায় । লগতে শ্বহীদ আৰক্ষী জোৱানৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । আনহাতে, মিজোৰাম আৰক্ষীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ একাংশ বিষয়ববীয়াও উপস্থিত থাকে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে । শীঘ্ৰেই অসম আৰু চুবুৰীয়া ৰাজ্যৰ মাজত অব্যাহত থকা সীমা বিবাদৰ শান্তিপূৰ্ণ সমাধান অথবা নিষ্পত্তি কৰিবলৈ সদস্যসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় ।