অসম

assam

ETV Bharat / state

Tribute to poet Nilmani Phookan: নগাঁৱৰ কলঙৰ পাৰত কবিতাৰে স্মৰণ কবি নীলমণি ফুকনক - AJYCP tribute to poet Nilmani Phookan

নগাঁৱৰ কলঙৰ পাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশেষ অনুষ্ঠান । কলঙৰ পাৰত কবিতা, গীত কথাৰে স্মৰণ সদ্য প্ৰয়াত কবি নীলমণি ফুকনক (Tribute to poet Nilmani Phookan) ।

AJYCP tribute to poet Nilmani Phookan
নগাঁৱত কবি নীলমণি ফুকনলৈ শ্ৰদ্ধাৰ্ঘ

By

Published : Jan 24, 2023, 8:09 AM IST

নগাঁৱত কবি নীলমণি ফুকনলৈ শ্ৰদ্ধাৰ্ঘ

নগাঁও, 24 জানুৱাৰী: নগাঁও চহৰৰ কলঙৰ পাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত স্মৰণ সদ্যপ্ৰয়াত কবি নীলমণি ফুকনক (Tribute to poet Nilmani Phookan) । সদ্য প্ৰয়াত কবি-অধ্যাপক-সমালোচক নীলমণি ফুকনৰ স্মৃতিত সোমবাৰে নগাঁৱত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ পাৰৰ নেহৰুবালিৰ সমীপৰ প্ৰণৱ বৰুৱা স্মৃতি শিশু উদ্যানৰ মুকলি মঞ্চত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীত-কথা আৰু কবিতাৰে মানৱতাবাদী আৰু প্ৰগতিশীল কলমৰ কবি গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয় (AJYCP organized a memorial program for poet Nilmani Phookan) ।

সোমবাৰে সন্ধিয়া কথাশিল্পী শিৱানন্দ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, গিৰীশ চন্দ্ৰ দাস, অধ্যাপক ড৹ মিলন নেওগ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে কথা আৰু কবিতাৰে কবি গৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই কবিতাৰে স্মৰণ কৰে সদ্য প্ৰয়াত কবি নীলমণি ফুকনক । সদ্য প্ৰয়াত কবি নীলমণি ফুকনক স্মৰণ কৰি নগাঁৱৰ বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াৰ মন্তব্য- জ্ঞানপীঠ বঁটা লাভ কৰাৰ পিছৰ পৰাই প্ৰায় প্ৰতি বছৰেই যাওঁ কবি নীলমণি ফুকনক সাক্ষাৎ কৰিবলৈ । পিছে এইবাৰ যাওঁ যাওঁ কৰি যোৱা নহ'ল জ্ঞানপীঠ বঁটা বিজয়ী কবি গৰাকীক সাক্ষাৎ কৰিবলৈ । পিছে কবি গৰাকীয়েই গুচি গ'ল আমাক এৰি । কায়িকভাৱে আতঁৰি গ’লেও কবি নীলমণি ফুকন সকলোৰে মনত সদায় থাকিব বুলিও উল্লেখ কৰে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই (Poet Dr. Prayag Saikia)।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই কয় - জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন মানুহটো আৰু তেওঁৰ সৃষ্টিৰাজিৰ সৈতে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ উদ্দেশ্যেৰে কবিগৰাকীৰ সাক্ষাৎ লাভ কৰা বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই কলঙৰ পাৰত উক্ত অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লগতে কবি নীলমণি ফুকনৰ কবিতাৰ চর্চা কৰা বিশিষ্ট ব্যক্তিসকলকো অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

ইফালে এই অনন্য অনুষ্ঠানটিত নগাঁৱৰ ছপা আৰু ইলেক্ট্ৰ'নিক মাধ্যমৰ একাংশ সাংবাদিকৰ উপৰিও যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Nilmani Phookan Closed letter: ৩১ জানুৱাৰীৰ পিচতহে খোল খাব কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

For All Latest Updates

ABOUT THE AUTHOR

...view details