অসম

assam

ETV Bharat / state

পুৰণিগুদামৰ AJYCPৰ কাৰ্যালয়ত বিশেষ কাৰ্যনিৰ্বাহক সভা - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

পুৰণিগুদামস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত শনিবাৰে আঞ্চলিক সমিতিৰ সাংগঠনিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় (AJYCP Organizational Executive Meeting at Puranigudam)। বৈঠকত কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰ আৰু কাৰ্যনিৰ্বাহক সদস্য মহেশ্বৰ গগৈ উপস্থিত । ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা যুটীয়া সম্পাদকৰ ।

Nagaon
পুৰণিগুদামৰ AJYCPৰ কাৰ্যালয়ত বিশেষ কাৰ্যনিৰ্বাহক সভা

By

Published : Feb 20, 2022, 6:39 PM IST

চামগুৰি,২০ ফেব্ৰুৱাৰী :নগাঁও জিলাৰ পুৰণিগুদামৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত শনিবাৰে সন্ধিয়া উপস্থিত হয় সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰ । তেওঁৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেশ্বৰ গগৈও । পুৰণিগুদাম আঞ্চলিক সমিতিৰ সাংগঠনিক কাৰ্যনিৰ্বাহক বৈঠকত (AJYCP Organizational Executive Meeting at Puranigudam) অংশগ্ৰহণ কৰে ছাত্ৰ নেতা দুজনে । ইফালে বৈঠকৰ পাছতে চৰকাৰক তীব্ৰ সমালোচনা কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰৰ ।

পুৰণিগুদামৰ AJYCPৰ কাৰ্যালয়ত বিশেষ কাৰ্যনিৰ্বাহক সভা

পানীৰ দৰত বহিৰাগত বণিয়াৰ হাতত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ ভূমি তুলি দিয়াৰ অভিযোগ উত্থাপন কৰি মৃদুল তালুকদাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । শেহতীয়াকৈ টেট শিক্ষকসকলৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা স্থিতিকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তালুকদাৰে । মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত শিক্ষামন্ত্ৰী গৰাকীৰ কোনো ভ্যেলু নাই বুলি অভিযোগ কৰে তালুকদাৰে ।

ছাত্ৰ নেতাগৰাকীৰ দাবী ৰাইজৰ দান-বৰঙণিৰ বাহিৰে কোনো ভয়-ভাবুকিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চান্দা সংগ্ৰহ নকৰে । ইয়াৰ বিপৰীতে বিজেপিয়েহে ভয়-ভাবুকি-প্ৰলোভনেৰে চান্দা সংস্কৃতি চলাই থকাৰ অভিযোগ কৰে নেতাগৰাকীয়ে । শিক্ষানুষ্ঠানত বিহু আৰু স্বদেশ অধ্যয়নৰ পাঠ্যক্ৰম প্ৰকৃততে সংশ্লিষ্ট কতৃপক্ষই অন্তৰ্ভুক্ত কৰে নে নকৰে সেই বিষয়ে ছাত্ৰ সংগঠনটোৱে তীক্ষ্ণ নজৰ ৰাখিব বুলিও সকীয়াই দিয়ে কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰে ।

লগতে পঢ়ক:বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা- বিজেপি জনজাতি মৰ্চাক প্ৰত্যুত্তৰ এপিএইছএলচিৰ

ABOUT THE AUTHOR

...view details