নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল - নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নগাঁৱত জোৰ সমদল
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে নগাঁৱত বাতিল কৰা হয় জোৰ সমদল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এইদৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ শুনানিৰ পূৰ্বে জোৰ সমদল বাহিৰ কৰা হয় ৷
নগাঁও, 21 জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ প্ৰাকমহুৰ্তত নগাঁৱত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ এই আইন বাতিলৰ দাবীত সংগঠনটোৰ নগাওঁ নগৰ সমিতি আৰু মৰিকলং শাখা সমিতিৰ উদ্যোগত উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰে বহুটো লোকে । নগাঁৱৰ মৰিকলঙৰ পৰা নগাওঁ চহৰৰ মাজেৰে উলিওৱা হয় এই বিশাল প্ৰতিবাদী জোৰ সমদল ৷ প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে চহৰখনৰ আকাশ বতাহ ৷ জাতিধ্বংসী কা জাপি দিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ লগতে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰো আগন্তক সময়ত ৰাইজে উফৰাই দিব বুলি হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সম্পাদক কাশ্যপ ফুকনৰ।
TAGGED:
নগাঁৱত ajycp ৰ জোৰ সমদল।