নগাঁও,16 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন তীব্রতৰ হৈ থকাৰ সময়ত নগাঁৱতো অব্যাহত আছে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে সোমবাৰে নগাঁৱত 36 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ সকিয়াই দিয়ে। অন্যথা অনাগত দিনত অসমৰ জনসাধাৰণক লৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন - নাগৰিকত্ব সংশোধনী আইন
নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে অনাগত দিনত তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন