অসম

assam

ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰাণনাশৰ ভাবুকি ! - AJYCP, Nagaon District Committee

নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক কাৰ্যালয়তে দুব্যৱহাৰৰ অভিযোগ ৷

নগাঁও জিলা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সঁজাতি দলক দুব্যৱহাৰৰ অভিযোগ

By

Published : Sep 5, 2019, 11:45 PM IST

নগাঁও, 5 ছেপ্তেম্বৰঃ নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ এটা সঁজাতি দল নগাওঁ ৰাজ্যিক পথ সংমণ্ডল কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে কাৰ্যবাহী অভিযন্তাৰ লগতে একাংশ কৰ্মচাৰী ঠিকাদাৰে দলটোক অশ্লীল গালি-গালাজৰ লগতে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে সংগঠনটোৰ নেতৃবৰ্গই । একাংশ ঠিকাদাৰ, বিষয়াই মিলি সংঘটিত কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই সংগঠনটোৰ নেতাক অপদস্থ কৰাৰ লগতে ভাবুকি প্ৰদান কৰাৰ অভিযোগত নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছে । ভাবুকি প্ৰদান কৰা কৰ্মচাৰী, ঠিকাদাৰক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নগাওঁ জিলা সমিতিয়ে ।

নগাঁও জিলা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সঁজাতি দলক দুব্যৱহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details