নগাঁও, 24 জুন:ক্ৰমাৎ উন্নত হৈছে অসমৰ বান পৰিস্থিতি (Flood in Assam)। এই বানে নগাঁৱৰ ৰহা, কামপুৰৰো শতাধিক পৰিয়ালে গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে (Flood in Nagaon) । শুকুৰবাৰে নগাৱঁৰ বানাক্ৰান্তসকলৰ মাজত থিয় দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি ৷ উক্ত স্থানত উপস্থিত হৈ সৰ্বহাৰা হোৱা লোকসকলৰ মাজত সাহাৰ্য বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Flood relief distribution by AJYCP) ।
লগতে বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় সংগঠনটোৱে (AJYCP visited flood affected area of Nagaon) ৷ লগতে সংগঠনটোৰ নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে AJYCPৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় ( AJYCP Demands Assam flood, erosion to be declared as a national problem) ৷ ইয়াৰ লগতে বান বিধ্বস্ত অঞ্চলৰ বাবে এহেজাৰ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।