নগাঁও,20 ছেপ্তেম্বৰঃ নৱগঠিত আঞ্চলিক দলক লৈ শংকিত হৈ নতুন সূত্ৰ উলিয়াবলৈহে দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷ নৱেম্বৰত আছু আৰু AJYCPৰ নেতৃত্বত গঠিত নতুন আঞ্চলিক ৰাজনৈতিক দলে পূৰ্ণতা লাভ কৰিব বুলি কৈ নতুন ৰাজনৈতিক দলটোৱে অসমত ধুমুহাৰ সৃষ্টি কৰিব বুলি কয় সভাপতিগৰাকীয়ে ৷
AJPয়ে অসমত ধুমুহাৰ সৃষ্টি কৰিবঃৰাণা প্ৰতাপ বৰুৱা - স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
নৱেম্বৰত আছু আৰু AJYCPৰ নেতৃত্বত গঠিত নতুন আঞ্চলিক ৰাজনৈতিক দলে পূৰ্ণতা লাভ কৰিব বুলি কৈ নতুন ৰাজনৈতিক দলটোৱে অসমত ধুমুহাৰ সৃষ্টি কৰিব বুলি কয় সভাপতিগৰাকীয়ে ৷ তদুপৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অসমবাসীৰ আস্থা আছিল যদিও দলটোৱে গাদীত বহি অসম চুক্তিক অৱমাননা কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অনাৰ অভিযোগ কৰে সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷
![AJPয়ে অসমত ধুমুহাৰ সৃষ্টি কৰিবঃৰাণা প্ৰতাপ বৰুৱা AJP will create a storm in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8870996-85-8870996-1600596319084.jpg)
AJPয়ে অসমত ধুমুহাৰ সৃষ্টি কৰিবঃৰাণা প্ৰতাপ বৰুৱা
AJPয়ে অসমত ধুমুহাৰ সৃষ্টি কৰিবঃৰাণা প্ৰতাপ বৰুৱা
তদুপৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অসমবাসীৰ আস্থা আছিল যদিও দলটোৱে গাদীত বহি অসম চুক্তিক অৱমাননা কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন অনাৰ অভিযোগ কৰে সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷ আঞ্চলিক দল অথবা ৰাজ্য চৰকাৰে এই আইন বাতিল কৰিব নোৱাৰে যদিও আঞ্চলিক ৰাজনৈতিক দল এ জে পি য়ে শক্তিশালী ৰূপত ইয়াৰ বিৰোধিতা কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ আনহাতে এ জে পি সন্দৰ্ভত মন্তব্য কৰি সভাপতিগৰাকীয়ে অসমৰ ৰাইজৰ পৰামৰ্শ মতেহে আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে ৷