নগাঁও, 30 ছেপ্টেম্বৰ : "শাসকীয় বিজেপি চৰকাৰৰ ছিণ্ডিকেট, কমিচনৰাজ আদি এতিয়া ধৰা পৰিছে জনতাৰ ছেটেলাইটত ৷ ছিণ্ডিকেট, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ যাৰ বাবে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰাখি অসমীয়া জাতিৰ ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে আৰম্ভ কৰা এক অসম যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে অসমৰ জনতাই।" নগাঁৱত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক মন্ত্ৰী পীযুষ হাজৰীকাই ছেটেলাইট যাত্ৰা বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ পীযুষ হাজৰীকাৰ ওপৰত ৰাইজৰ ছেটেলাইট আছে, তেওঁ কি কৰিছে কি নাই কৰা ৰাইজে চাই আছে ৷ তেওঁৰ গৃহ জিলাত বৰ্তমানেও বাট-পথৰ অৱস্থা বেয়া বুলি মন্তব্য কৰে অজাপৰ সভাপতিজনে ৷
প্ৰথমে কয়লা ছিণ্ডিকেট বন্ধ কৰিবলৈয়ো আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ৷ অসম জাতীয় পৰিষদৰ এই পদযাত্ৰাৰ জৰিয়তে ৰাইজৰ মনৰ কথা আৰু সুখ-দুখ জানিব বিচৰা বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷