নগাঁও,6 জানুৱাৰীঃনৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ বুধবাৰে নগাঁৱত অনুষ্ঠিত হয় যোগদান সমাৰোহ । নগাঁও শ্বহীদ ভৱনত জাতীয় মহিলা আহ্বায়িকা সমিতি গঠনৰ লগতে অনুষ্ঠিত হোৱা যোগদান সমাৰোহত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত ছমসেৰ সিঙে ।
নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ - নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত
অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহত অৱসৰপ্ৰাপ্ত জিলা উপায়ুক্ত ছমসেৰ সিঙৰ দাবী । আগন্তক বিধানসভা নিৰ্বাচনত নগাঁৱৰ আটাইকেইখন আসনেই দখল কৰিব অসম জাতীয় পৰিষদে।
![নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10140736-248-10140736-1609932902065.jpg)
নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ
নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ
ছমসেৰ সিঙৰ উপস্থিতিত বহুকেইগৰাকী মহিলাই যোগদান কৰে অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিত । সভাত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আটাইকেইখন আসনেই অসম জাতীয় পৰিষদে দখল কৰিব বুলি দাবী কৰে ছমসেৰ সিঙে ।
লগতে পঢ়কঃকাৰাৰুদ্ধ অৱস্থাৰেই 'ৰাইজৰ দল'ক নেতৃত্ব দিব অখিল গগৈয়ে