অসম

assam

ETV Bharat / state

Ek Asom Yatra: প্ৰতিশ্ৰুতিৰ বিপৰীতে কাম কৰা চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’বৰ হ’ল; লুৰীণজ্যোতি গগৈ

দশম দিনা কলিয়াবৰত উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা ৷ কলিয়াবৰত এক সভা সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ অসমত আধ্যাত্মিক, সাংস্কৃতিক আগ্ৰাসন অব্যাহত থকা বুলি মন্তব্য ৷

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:04 PM IST

Ek Asom Yatra
Ek Asom Yatra

কলিয়াবৰত উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

কলিয়াবৰ, 30 ছেপ্টেম্বৰ: বিগত 21 ছেপ্টেম্বৰত ঐতিহাসিক নেতাই ধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা ‘এক অসম যাত্ৰা’ শনিবাৰে কলিয়াবৰত উপস্থিত হয় ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সম্প্ৰদায়িকতা আৰু বিভাজনৰ ৰাজনীতিৰ অভিযোগ তুলি বিভাজন আৰু সম্প্ৰদায়িকতাক মষিমূৰ কৰি একতা আৰু সমন্বয়ৰ বাণী লৈ এই যাত্ৰা কৰা বুলি উল্লেখ কৰিছে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷

আজি কলিয়াবৰত উপস্থিতত হৈ দলীয় নেতৃত্বই কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত এক সভাত অংশগ্ৰহণ কৰে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বৰ্তমানৰ চৰকাৰখনৰ দিনত হোৱা মূল্যবৃদ্ধি, ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে জনতাক প্ৰতিবাদমুখৰ কৰি তোলাৰ উদ্দেশ্যে এজেপিৰ এই যাত্ৰাই অসমৰ ৰাজনীতিত এক বিশেষ সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে দলীয় নেতৃবৃন্দই ৷

সভাৰ লুৰীণজ্যোতি গগৈয়ে কয় যে বৰ্তমান অসমত আধ্যাত্মিক আৰু সাংস্কৃতিক আগ্ৰাসনে অসমীয়া জাতিৰ মেৰুদণ্ডত যিদৰে আঘাত কৰিছে, তাৰ বিৰুদ্ধে এতিয়াই সচেতন নহ’লে অসমৰ সাতাম পুৰুষীয়া ঐতিহ্য মষিমূৰ হোৱাটো একপ্ৰকাৰ খাটাং ৷ শেহতীয়াকৈ বিহু নৃত্যক লৈ যি কাণ্ড সংঘটিত হ’ল সেয়া অসমীয়া ৰাইজে নজনাকৈ থকা নাই ৷

তেওঁ লগতে কয় যে অসমৰ মানুহৰ আত্ম প্ৰতিষ্ঠাৰ এক ধাৰা অসম জাতীয় পৰিষদ ৷ গেৰুৱাকৰণে আমাক মধ্যযুগীয় সমাজ ব্যৱস্থাৰ মাজলৈ ঠেলি নিয়াৰ যি বিভাজনৰ চিন্তা অব্যাহত আছে সেয়া দূৰ কৰিব লাগিব ৷ অসমীয়া মানুহৰ জাতীয় উত্তৰণৰ বাবে অসম জাতীয় পৰিষদে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কোনেও জোৰ কৰি ইতিহাস বিকৃত কৰিব নোৱাৰে ।

গগৈয়ে আৰু কয় যে আমি নিজস্বতা হেৰুৱাইছো ৷ অসমত অব্যাহত আছে আধ্যাত্মিক, সাংস্কৃতিক আগ্ৰাসন ৷ গভীৰ জীৱনবোধ হ্ৰাস হৈছে । জ্ঞান আৰু শিক্ষাৰ প্ৰতি আমাৰ আগ্ৰহ কমি আহিছে । পূৰ্বে যি প্ৰতিশ্ৰুতি দি ৰাজপাট দখল কৰি সেই সকলো প্ৰতিশ্ৰুতিৰ বিপৰীতে কাম কৰি থকা চৰকাৰখনক প্ৰশ্ন সুধিলেই ৰোষত পৰাৰ যি এক পৰিৱেশ অসমত সৃষ্টি হৈছে তাৰ বিৰুদ্ধে অসমীয়া ৰাইজ এক হ'বৰ হ’ল ।

আছুক লৈয়ে তেওঁ মন্তব্য প্ৰকাশ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাত কেতিয়াও দাগ লাগিব নালাগে বুলি মন্তব্য কৰি ছাত্ৰ সন্থাক জাতীয় দায়িত্ব পালন কৰিব লাগে বুলি গগৈয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক:Ek Asom Yatra: দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী শাসকে আমাৰ ইতিহাস,ভাষা-কৃষ্টি-সংস্কৃতি সকলো বিকৃত কৰিছে; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details