ৰূপহীহাট,14 মাৰ্চ: ৰূপহীহাটত অসম জাতীয় পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী কুচ-কাৱাজ । সহস্ৰাধিক আলিম-উলেমাৰ উপস্থিতিত ৰূপহীহাটৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী ডা৹ শ্বফিকুল ইছলামে নিজ গৃহত আয়োজন কৰিলে বিশাল আশীৰ্বাদ সভা । উক্ত আশীৰ্বাদ সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউল ইছলাম ।
ৰূপহীহাটত অসম জাতীয় পৰিষদৰ আৰ্শীবাদ সভা - কংগ্ৰেছ , এ আই ইউ ডি এফ
ৰূপহীহাটত আলিম উলেমাসকলক লৈ অসম জাতীয় পৰিষদ দলৰ বিশাল আৰ্শীবাদ সভা ৷ সভাত উপস্থিত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ও মুখপাত্ৰ জিয়াউল ইছলাম ৷
![ৰূপহীহাটত অসম জাতীয় পৰিষদৰ আৰ্শীবাদ সভা ৰূপহীহাটত অসম জাতীয় পৰিষদৰ আৰ্শীবাদ সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11003149-384-11003149-1615712158040.jpg)
ৰূপহীহাটত অসম জাতীয় পৰিষদৰ আৰ্শীবাদ সভা
অসম জাতীয় পৰিষদৰ আৰ্শীবাদ সভা
সভাখনত ভাষণ প্ৰসংগত কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৰাকীয়ে অসম জাতীয় পৰিষদ দলৰ বিভিন্ন পৰিকল্পনা তথা নিৰ্বাচনী ইছ্যু সন্দৰ্ভত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় । মুখপাত্ৰ জিয়াউল ইছলামে কংগ্ৰেছ, এআইইউডিএফ-ৰ লগতে বিজেপিকো সমালোচনা কৰা পৰিলক্ষিত হয় । উক্ত আশীৰ্বাদ সভাৰ অন্তত আলিম উলেমাসকলে প্ৰাৰ্থী গৰাকীক আশীৰ্বাদ প্ৰদান কৰি অসম জাতীয় পৰিষদ জিন্দাবাদ, শ্বফিকুল ইছলাম জিন্দাবাদ ধ্বনি দিয়ে ৷
লগতে পঢ়কঃজখলাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা