অসম

assam

ETV Bharat / state

Ajmal Super 40 institute: অষ্টম শ্ৰেণীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা - অষ্টম শ্ৰেণীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা

আজমল চুপাৰ ৪০ৰ অষ্টম শ্ৰেণীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা (Ajmal Super 40 Class 8 Selection Exam Results)। ৬ হাজাৰ পৰীক্ষাৰ্থীৰ ১৫৭ গৰাকী উত্তীৰ্ণ । মৌখিক পৰীক্ষাৰ জৰিয়তে ৫০ গৰাকী ছাত্ৰী আৰু ৮০ জন ছাত্ৰক আজমল চুপাৰ ৪০ত নামভৰ্তিৰ বাবে বাছনি কৰা হ'ব ।

Ajmal Super 40 institute
অষ্টম শ্ৰেণীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা

By

Published : Jan 21, 2022, 4:00 PM IST

নগাঁও,২১ জানুৱাৰী :অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান আজমল চুপাৰ ৪০ৰ অষ্টম শ্ৰেণীৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় (Ajmal Super 40 Class 8 Selection Exam Results)। অসমৰ বিভিন্ন স্থানৰ মুঠ ৬ হাজাৰ শিক্ষাৰ্থীয়ে আজমল চুপাৰ ৪০ৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ তাৰ ভিতৰত ১৫৭ গৰাকী শিক্ষাৰ্থীয়ে লিখিত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় বুলি জানিবলৈ দিয়ে আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড০ খছৰুল ইছলাম, প্ৰৱন্ধক ড০ এম আৰ এইচ আজাদ আৰু আজমল চুপাৰ ৪০ৰ প্ৰজেক্ট বিষয়া আব্দুৰ কাদিৰে ৷

বাছনি পৰীক্ষাত ১১৯ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে কলগাছিয়াৰ মুস্তাক হুছেইনে, দ্বিতীয় স্থান লাভ কৰে হাইলাকান্দিৰ আবু হিচান লস্কৰে আৰু তৃতীয় স্থান লাভ কৰে গুৱাহাটীৰ আয়েশা সিদ্দিক চৌধুৰীয়ে ৷ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ ১৫৭ গৰাকী শিক্ষাৰ্থীৰ পৰা মৌখিক পৰীক্ষাৰ জৰিয়তে ৫০ গৰাকী ছাত্ৰী আৰু ৮০ জন ছাত্ৰক আজমল চুপাৰ ৪০ত নামভৰ্তিৰ বাবে বাছনি কৰা হ'ব বুলি এক সংবাদমেলযোগে জানিবলৈ দিয়ে আজমল চুপাৰ ৪০ৰ বিষয়ববীয়া সকলে ৷

অষ্টম শ্ৰেণীৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা

উল্লেখ্য যে পূৰ্বতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা আজমল চুপাৰ ৪০ৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল যদিও আজমল চি এচ আৰৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মতে গাঁও অঞ্চলৰ দৰিদ্ৰ মেধা সম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ এইবছৰ অষ্টম শ্ৰেণীৰ পৰা আজমল চুপাৰ ৪০ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে আজমল ফাউণ্ডেচনে ৷

লগতে পঢ়ক :কেবিনেটত টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা

For All Latest Updates

ABOUT THE AUTHOR

...view details