নগাঁও, 27 ছেপ্টেম্বৰ :গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত এটা ৱেব পৰ্টেলত কৰ্মৰত সাংবাদিক তথা তাৰ্কিক বিজিত কলিতা বিগত কিছুদিন ধৰি শৰীৰৰ অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । শেহতীয়াকৈ, সাংবাদিক বিজিত কলিতাৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি চিকিৎসকে জনোৱাৰ পিছতেই এই খবৰটো তেওঁৰ সতীৰ্থ সাংবাদিক সকলে সামাজিক মাধ্যম যোগে অৱগত কৰিছিল ।
সম্প্ৰতি, সাংবাদিকগৰাকীক বহিঃৰাজ্যৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে যদিও আৰ্থিক অনাতনৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে তেওঁ । উন্নত চিকিৎসাৰ প্ৰয়োজন যদিও গুৱাহাটী মেডিকেল কলেজতে চিকিৎসাধীন হৈ আছে তেওঁ ৷ অৱশেষত, তেওঁৰ স্বাস্থ্যৰ সামগ্ৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিজিত কলিতাৰ চিকিৎসাৰ বাবে অৱশেষত সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেচনে ।