বটদ্ৰৱা, ৩১ মে':দেশৰ দূৰ্যোগৰ সময়ত দেওবাৰে বটদ্ৰৱাবাসীৰ কাষত থিয় হ'ল আজমল ফাউণ্ডেছন । দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক বিতৰণ কৰিলে একোটাকৈ খাদ্য সামগ্রীৰ টোপোলা । ৰাজ্যজুৰি বাহাল থকা লকডাউনৰ পিছৰে পৰা আজমল ফাউণ্ডেছনে অবিৰতভাবে অসমৰ ভিন্ন প্ৰান্তত বিতৰণ কৰি আহিছে খাদ্য সামগ্রী ।
বটদ্ৰৱাত আজমল ফাউণ্ডেছন উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ - ajmal foundation food distribution
দেওবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত দৰিদ্ৰ শ্ৰেণীৰ লোকৰ কাষত থিয় হ'ল আজমল ফাউণ্ডেছন । বিতৰণ কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী । বটদ্ৰৱাৰ তিনিখনকৈ অধিক গাঁৱৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ।

বটদ্ৰৱাত আজমল ফাউণ্ডেছন উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ
বটদ্ৰৱাত আজমল ফাউণ্ডেছন উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ
গাঁৱে-ভূঞে গৈ আজমল ফাউণ্ডেছন সদস্যসকলে দৰিদ্ৰ পৰিয়ালৰ মাজত থিয় হৈ বিতৰণ কৰি আহিছে খাদ্য সামগ্রী । দেওবাৰেও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত তিনিখনকৈ অধিক গাঁৱৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰীৰ টোপোলা । উল্লেখ্য যে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজমল ফাউণ্ডেছন মূৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত সংস্থাটোৱে অসমৰ ভিন্ন প্ৰান্তত উপস্থিত হৈ খাদ্য সামগ্রী বিতৰণ কৰে । বিপদৰ সময়ত এনেদৰে জাতিৰ কাষত থিয় হৈ দেখুৱা মহানুভৱতাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ।