নগাঁও, ২৫ ছেপ্টেম্বৰ: দৰঙৰ গৰুখুঁটিত উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনে লোৱা পদক্ষেপক গৰিহণা জনালে এ আই ইউ ডি এফে । শনিবাৰে নগাঁৱত মৌন সমদল উলিয়ায় দলটোৰ নেতা-কৰ্মীয়ে । মৌন সমদল কৰি নগাঁও চহৰৰ হয়বৰগাঁৱৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় দলটোৰ নেতা কৰ্মীসকল আৰু কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । দলটোৰ নেতা-কৰ্মীসকলে গৰুখুঁটিৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিয়ে ।
লগতে আৰক্ষীৰ গুলীত নিহত হোৱা লোকৰ পৰিয়ালক ২০ লাখ টকা আৰু আহত লোকসকলক ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় । উচ্ছেদৰ নামত নিৰীহ লোকৰ ওপৰত প্ৰশাসনে নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে এ আই ইউ ডি এফ দলে । লগতে উচ্ছেদৰ নামত প্ৰশাসনে অগণতান্ত্ৰিকভাৱে প্ৰতিবাদকাৰীক দমনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে দলটোৰ নগাঁও জিলা সমিতিৰ নেতৃবৰ্গই । লগতে ভূমিহীন লোকসকলক ৬ বিঘাকৈ মাটি দিয়াৰ কথা কেৱল ঘোষণা কৰিয়েই দায়িত্ব শেষ কৰাৰ পৰিৱৰ্তে এই পদক্ষেপক বাস্তৱ ৰূপ দিবলৈও চৰকাৰক দাবী জনায় দলটোৱে ।