অসম

assam

ETV Bharat / state

ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ এ.আই.ইউ.ডি.এফ

বটদ্ৰৱাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংবাদমেল সম্বোধন এ.আই.ইউ.ডি.এফৰ ৷ ৰকিবুল হুচেইনে বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগ উত্থাপন দলীয় এ.আই.ইউ.ডি.এফৰ কৰ্মকৰ্তা সকলৰ ৷

By

Published : Oct 20, 2020, 5:18 PM IST

এ.আই.ইউ.ডি.এফৰ সংবাদমেল
এ.আই.ইউ.ডি.এফৰ সংবাদমেল

নগাঁও, 20 অক্টোবৰ:একপ্ৰকাৰ চূড়ান্ত হোৱাৰ দিশে কংগ্ৰেছ-এ.আই.ইউ.ডি.এফৰ মিত্ৰতা ৷ তেনে সময়তে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি ক্ষোভ কৰিলে এ.আই.ইউ.ডি.এফৰ নেতা-কৰ্মীয়ে ৷ ৰকিবুল হুছেইনে বিজেপিৰ হৈ কাম কৰি আছে বুলি সংবাদমেলত সন্দেহ ব্যক্ত কৰে দলটোৰ নেতা-কৰ্মীয়ে ৷

বটদ্ৰৱাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে এ.আই.ইউ.ডি.এফৰ সংবাদমেল

গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত কৰা সংবাদমেলত ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেবাটাও মন্তব্য কৰে এ.আই.ইউ.ডি.এফৰ নেতা-কৰ্মীয়ে ৷ নগাঁও জিলা পৰিষদ গঠনৰ সময়ত এ.আই.ইউ.ডি.এফৰ সদস্যসকলে বিজেপিক সহায় কৰা বুলি ৰকিবুল হুচেইনে এক অপপ্ৰচাৰ চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ বিজেপি দলৰ এজন পুৰণি বন্ধুৰ প্ৰৰোচনাত পৰি ৰকিবুল হুচেইনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ-এ.আই.ইউ.ডি.এফৰ মহাজোঁটত আউল লগাবলৈ এ.আই.ইউ.ডি.এফৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰা বুলি সন্দেহ প্ৰকাশ কৰে দলটোৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়ক:বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ

ABOUT THE AUTHOR

...view details