নগাঁও, ৪ ডিচেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনত 3+6+5 ৰ অংক এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ । অৱশ্যে অংকটো বুজাত নিশ্চয় অলপ অসুবিধা হৈছে । কিন্তু এয়া হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ অংক । আগন্তুক লোকসভা নিৰ্বাচনত আসনৰ ভাগ-বাটোৱাৰাৰ অংক যেন চূড়ান্ত কৰি পেলাইছে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ।
আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফক অন্তৰ্ভুক্ত নকৰিলেও কংগ্ৰেছৰ প্ৰতি যেন দৰদ দেখুওৱাৰ চেষ্টা এআইইউডিএফৰ বিধায়কগৰাকীৰ । আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ছয়খন আসনত কংগ্রেছক জয়ী কৰোৱাত সহায় কৰিব এআইইউডিএফে ।
সোমবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কংগ্রেছক সহায় কৰাৰ কথা স্বীকাৰ কৰে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । ৰাজ্যৰ ছয়খনকৈ লোকসভা সমষ্টিত এআইইউডিএফৰ শক্তিশালী সাংগঠনিক ভেটি থকাৰ পিছতো একমাত্ৰ কংগ্রেছক জয়ী কৰোৱাৰ স্বাৰ্থতে এআইইউডিএফে প্ৰাৰ্থিত্ব নিদিয়ে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাই । ইয়াৰ বিপৰীতে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতহে এআইইউডিএফে প্ৰাৰ্থিত্ব দিব বুলি তেওঁ দাবী কৰে ।