অসম

assam

ETV Bharat / state

কলিয়াবৰৰ কেইবাটাও উদ্যোগ পৰিদৰ্শন AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকনৰ - পাৱাৰলাইন ইণ্ডাষ্ট্ৰি

অসম ঔদ‍্যোগিক বিকাশ নিগমৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণৰ পাছতে কলিয়াবৰত উপস্থিত প্ৰশান্ত ফুকন । কেইবাটাও উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে অনাগত দিনত উদ্যোগৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি অধ্যক্ষগৰাকীৰ ।

AIDC
কলিয়াবৰৰ কেইবাটাও উদ্যোগ পৰিদৰ্শন AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকনৰ

By

Published : Nov 17, 2021, 8:17 PM IST

কলিয়াবৰ,১৭ নৱেম্বৰ :কলিয়াবৰৰ নলতলি আৰু ভোমোৰাগুৰিত থকা অসম ঔদ‍্যোগিক আন্তঃগাঁঠনি উন্নয়ন কেন্দ্ৰ (IIDC) বুধবাৰে পৰিদৰ্শন কৰে অসম ঔদ‍্যোগিক বিকাশ নিগমৰ নৱ-নিযুক্ত অধ‍্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনে । পৰিদৰ্শন কালত দুয়োটা কেন্দ্ৰতে থকা উদ‍্যোগসমূহৰ বিষয়ে বিভাগীয় বিষয়াৰ সৈতে আলোচনা কৰে অধ্যক্ষগৰাকীয়ে । পৰিদৰ্শনৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ সামগ্ৰীক উন্নয়ন তেওঁৰ প্ৰাথমিক দায়িত্ব বুলি মত প্ৰকাশ কৰে প্ৰশান্ত ফুকনে (Prasanta Phukan) ।

নলতলিৰ ডিজেল জেনেৰেটৰ উৎপাদন গোট পাৱাৰলাইন ইণ্ডাষ্ট্ৰি আৰু বাৰ্জাৰ পেইণ্ট পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে । তেওঁৰ মতে স্থানীয় নিয়োগৰ ক্ষেত্ৰত এই উদ‍্যোগসমূহে যথেষ্ট অৰিহণা যোগাইছে । এই অৰিহণা যাতে অধিক হয়, তাৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে । অসম ঔদ‍্যোগিক বিকাশ নিগমৰ নৱ-নিযুক্ত অধ‍্যক্ষ হিচাবে দায়িত্ব লোৱাৰ পাছতেই এই পৰিদৰ্শন কালত উদ্যোগসমূহে কৰ্মচাৰীসকলক দিয়া পৰ্যাপ্ত সা-সুবিধা, দৰমহাকে আদি কৰি উদ্যোগসমূহৰ আন্ত:গাঠনি, লাভালাভ, চৰকাৰে লাভ কৰা ৰাজহ সকলো বিষয়তে দৃষ্টি দিয়াৰ পোষকতা কৰে অধ‍্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনে ।

কলিয়াবৰৰ কেইবাটাও উদ্যোগ পৰিদৰ্শন AIDCৰ অধ্যক্ষ প্ৰশান্ত ফুকনৰ

কলিয়াবৰত গঢ়ি উঠা উদ্যোগ তথা ৰাজ্যখনত থকা অন্যান্য উদ্যোগসমূহত স্থানীয় নিবনুৱাসকলক নিযুক্ত দিয়াৰ ক্ষেত্ৰত উদ্যোগসমূহে কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিছে সকলো দিশ পৰ্যবেক্ষণ কৰে প্ৰশান্ত ফুকনে ।

স্থানীয় নিবনুৱাসকলক উদ্যোগসমূহে গুৰুত্ব নিদিলে উদ্যোগসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথাও মন্তব্য প্ৰদান কৰে অধ্যক্ষ প্ৰশান্ত ফুকনে । অৱশ্যে ৰাজ্যখনত গঢ়ি উঠা উদ্যোগসমূহে অসম ঔদ‍্যোগিক বিকাশ নিগমৰ নৱ-নিযুক্ত অধ‍্যক্ষ প্ৰশান্ত ফুকনৰ নেতৃত্বত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনত কেনে ভূমিকা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব । উল্লেখ্য যে, অসম ঔদ‍্যোগিক বিকাশ নিগমৰ অধ‍্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাছতেই প্ৰথমবাৰৰ বাবে কলিয়াবৰৰ উদ্যোগসমূহ পৰিদৰ্শন কৰে বিধায়ক প্ৰশান্ত ফুকনে ।

লগতে পঢ়ক:Elephant attack : ভালুকপুঙত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন

ABOUT THE AUTHOR

...view details