ৰাজ্যত স্থাপন হ'ব ২১ টা ভূমি পৰীক্ষণ কেন্দ্ৰ - কৃষি মন্ত্ৰী অতুল বৰা
নগাঁৱৰ শেনচোৱাত চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ভূমি পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ লগতে মন্ত্ৰীজনৰ ঘোষণা ৰাজ্যত স্থাপন কৰা হ'ব ২১ টাকৈ ভূমি পৰীক্ষণ কেন্দ্ৰ ৷
![ৰাজ্যত স্থাপন হ'ব ২১ টা ভূমি পৰীক্ষণ কেন্দ্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4369314-thumbnail-3x2-soil-test.jpg)
নগাঁও, 7 ছেপ্তেম্বৰ : কৃষি ভূমিৰ গুণাগুণ নিৰূপনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন হব ২১ টাকৈ মাটি পৰীক্ষা, মান নিয়ন্ত্ৰণ আৰু কৃষি সামগ্ৰী পৰীক্ষাগাৰ ভৱন ৷ শনিবাৰে নগাঁৱৰ শেনচোৱাত চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ভূমি পৰীক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এই ঘোষণা কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই । এই পদ্ধতিৰে মাটিৰ গুণাগুণ নিৰূপণ কৰি বৈজ্ঞানিক পদ্ধতিৰে শস্য উৎপাদনত কৃষক যথেষ্ট উপকৃত হ'ব বুলি দাবী কৰে কৃষি মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বিভাগটোৰ একাংশ বিষয়া, কৰ্মচাৰীৰ লগত সু সম্পৰ্ক থকা কিছু নিৰ্দিষ্ট লোকে সুবিধা আদায় কৰি থকাৰ কথাও স্বীকাৰ কৰে । বিভাগৰ পাছৱৰ্ডৰ গোপনীয়তা ৰক্ষা নকৰাৰ অভিযোগতে মৰিগাঁৱৰ কৃষি বিষয়াক নিলম্বন কৰাৰ কথা উল্লেখ কৰি দুৰ্নীতিত জড়িত বিভাগটোৰ কোনো এজনক ৰেহাই দিয়া নহ'ব বুলি সকীয়নী দিয়ে মন্ত্ৰী অতুল বৰাই ৷ উল্লেখযোগ্য যে কৃষি বিভাগত অতি শীঘ্ৰেই ১০৬ গৰাকী এ ডি অ' নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।