অসম

assam

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:54 PM IST

ETV Bharat / state

AGP Press Meet: কলিয়াবৰত অগপৰ বিশেষ সাংগঠনিক সভা; কাজিৰঙা লোকসভা আসন বিচাৰিব অগপই

অসমত কংগ্ৰেছ মুক্ত কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ ৷ বৰ্তমানৰ কাজিৰঙা লোকসভা আসন সমষ্টি বিচাৰিব অগপ দলে ৷ অগপক অধিক শক্তিশালী কৰাৰ লক্ষৰে বিশেষ সাংগঠনিক সভা কলিয়াবৰত ৷

AGP Press Meet
AGP Press Meet

কাজিৰঙা লোকসভা আসন বিচাৰিব অগপই

কলিয়াবৰ, 9 ছেপ্টেম্বৰ: অসম গণ পৰিষদ দলৰ কাজিৰঙা সংসদীয় সমষ্টি সমিতিৰ এখন বিশেষ সাংগাঠনিক সভা শনিবাৰে কলিয়াবৰৰ আমনিৰ এছ আই আৰ ডিৰ সভা কক্ষত অনুষ্ঠিত হয় । জানিব পৰা মতে, ৯ তৰপীয়া সাংগাঠনিক কাম-কাজক লৈ অনুষ্ঠিত হয় সভাখন ।

সংবাদমেল সম্বোধন কৰি অগপ দলৰ প্ৰাক্তন সাংসদ তথা কাজিৰঙা সংসদীয় সমষ্টিৰ মুখ্য পৰ্যৱেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাজিৰঙা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিয়া হ’ব বুলি ঘোষণা কৰে । আসনখন অগপই বিচাৰিব বুলি উল্লেখ কৰি বৈশ্যই লগতে অগপ দলে ১৯৮৫ চনৰ পৰাই অসমৰ বিভিন্ন সময়ত লোক সভা সমষ্টি অগপ দলে দখল কৰি অহাৰ কথাও সদৰী কৰে ।

মিত্ৰজোঁটৰ পৰ্যালোচনা বৈঠকৰ অন্ততহে কেইখন আসন বিছাৰিব সিদ্ধান্ত ল'ব বুলি তেওঁ প্ৰকাশ কৰে । জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে অগপ দলে সমষ্টিটো কংগ্ৰেছমুক্ত হোৱাটোৱেই বিচাৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত হয় দলৰ বিশেষ সাংগঠনিক সভা ।

নৃপেন বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনিত কাজিৰঙা সংসদীয় সমষ্টিৰ মুখ্য পৰ্যৱেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আহ্বায়ক নৃপেন বৰুৱা, মণিমাধৱ মহন্ত, সদস্য ভৱেন্দ্ৰ ভড়ালী, নুৰুল চুলতান, ৰেজাউল কৰিম চৌধুৰী, মনোৰঞ্জন শইকীয়া, আচিকুৰ ৰহমান, উমানন্দ দাস আৰু গোপাল ভূঞাই অ‍ংশগ্ৰহণ কৰে ।

উল্লেখ্য যে শাসকীয় বিজেপিৰ সৈতে মিত্ৰতাত আছে অসম গণ পৰিষদ ৷ গতিকে এতিয়াই অগপ দলে কোন কোন সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া নিশ্চিত হোৱা নাই ৷ অৱশ্যে অগপ দলে নিজৰ সাংগঠিক ভেঁটি শক্তিশালী কৰি আগন্তুক 2024ৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শনৰ বাবে সাজু হৈছে ৷

লগতে পঢ়ক:Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু

ABOUT THE AUTHOR

...view details