অসম

assam

ETV Bharat / state

Constituency delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ সন্তুষ্ট অগপ - Keshab Mahanta on Constituency delimitation

নতুন সমষ্টি নিৰ্দ্ধাৰণক লৈ আপত্তি নাই অসম গণ পৰিষদ দলৰ । সমষ্টি নিৰ্ধাৰণক লৈ কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ কেশৱ মহন্তৰ তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া । অগপৰ এই সিদ্ধান্তৰ বাবে দলৰ ভিতৰ চ'ৰাত কি প্ৰতিক্ৰিয়া সৃষ্টি হয় সেয়া লক্ষণীয় হ'ব ।

AGP welcomes draft of Constituency delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি অগপৰ

By

Published : Jul 10, 2023, 7:44 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি অগপৰ

কলিয়াবৰ,১০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সমষ্টি নিৰ্ধাৰণক লৈ প্ৰকাশিত খচৰাক আদৰণি জনাই অসম গণ পৰিষদ দলে । এই কথা স্পষ্ট কৰে অগপৰৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । ইতিমধ‍্যে ৰাজ‍্যত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰক লৈ ৰাজনৈতিক দলবিলাকৰ ভিতৰে-বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি অগপ দলৰ মাজতে দুটা ফৈদৰ সৃষ্টি হোৱা বুলি এক তথ্য প্ৰকাশ পাইছে ।

তেনে সময়তে ৰাজ‍্যৰ মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত‍ৰ মন্তব‍্যই তাৎপৰ্য বহন কৰিছে । কলিয়াবৰৰ এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কৰা মহন্ত‍ৰ মন্তব‍্যই দলৰ ভিতৰ চ'ৰাত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সি লক্ষণীয় হ'ব । উল্লেখযোগ‍্য যে, যোৱা ২০ জুন তাৰিখে ভাৰতীয় নিৰ্বাচন আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮-ত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰে ।

প্ৰাসংগিক আইনসমূহ যেনে-ভাৰতীয় সংবিধানৰ সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ ৰ ৩৩), অনুচ্ছেদ ৮২, ১৭০, ৩৩০ আৰু ৩৩২ ৰ ধাৰা ৯ (১) (গ) আৰু (ঘ)ৰ সৈতে আৰ. পি. আইন, ১৯৫০ৰ ধাৰা ৮ ক অনুসৰি সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে । অসমত শেষ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ১৯৭৬ত সম্পন্ন হৈছিল । সংবিধানৰ ১৭০ আৰু ৮২ নং অনুচ্ছেদৰ অনুসৰণেৰে ২০০১ ৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হ'ব ।

কেবল লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা ২০০১ ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা হৈছে । অসমৰ বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪ খন হৈ থাকিব । ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ২০২৬ৰ পাচৰ লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ আসন আৰু লোকসভাৰ আসনৰ আবন্টনৰ সংখ্যা সলনি কৰা নহ'ব ।

বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত অনুসূচিত জাতিৰ বাবে ১৯ খন আসন, আনহাতে অসমলৈ আবন্টিত লোকসভাৰ ১৪ খন আসনৰ ভিতৰত অনুসূচিত জাতিৰ বাবে ২ খন আসন আবন্টনৰ প্ৰস্তাৱ দিয়া হৈছে । একেদৰে, বিধানসভাৰ ৯ খন আসন অনুসূচিত জনজাতিৰ বাবে, আনহাতে লোকসভাত অনুসূচিত জনজাতিৰ বাবে ১ খন আসন আবন্টনৰ প্ৰস্তাৱ জনোৱা হৈছে ।

লগতে পঢ়ক:Poor Road in Moran:মৰাণৰ শেনচোৱা পুখুৰী-শিলপুতা সংযোগী পথ মৰণফান্দলৈ পৰিণত

For All Latest Updates

ABOUT THE AUTHOR

...view details