অসম

assam

By

Published : Dec 19, 2019, 8:07 PM IST

ETV Bharat / state

অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই !

নগাঁও জিলা অগপৰ মতে প্ৰফুল্ল মহন্তই নেতৃত্ব দিয়ক আঞ্চলিক দলটোক ৷ দুটা শিবিৰত যেন বিভক্ত হৈছে আঞ্চলিক দল অসম গণ পৰিষদ ৷ এফালে যদি প্ৰফুল্ল কুমাৰ মহন্ত আনফালে অতুল বৰা,কেশৱ মহন্ত ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰা অগপৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা অগপ ৷

AGP protest rally in Nagaon
বিভক্ত হৈছে আঞ্চলিক দল অগপ

নগাঁও,19 ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আঞ্চলিক দল অসম গণ পৰিষদত আৰম্ভ হৈছে নেতৃত্বক লৈ খোৱা কামোৰা ৷ বহু বিতৰ্কিত আইনখন বাতিলৰ লগতে অগপ নেতৃত্বৰ পৰিৱৰ্তনৰ দাবীত নগাঁৱত দলটোৰ নেতা-কৰ্মীৰ প্ৰতিবাদ ৷ নগাঁও জিলা অগপৰ মতে প্ৰফুল্ল মহন্তই নেতৃত্ব দিয়ক আঞ্চলিক দলটোক ৷ দুটা শিবিৰত যেন বিভক্ত হৈছে আঞ্চলিক দল অসম গণ পৰিষদ ৷ এফালে যদি প্ৰফুল্ল কুমাৰ মহন্ত আনফালে অতুল বৰা,কেশৱ মহন্ত ৷

নগাঁৱত অগপৰ প্ৰতিবাদী সমদল

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰা অগপৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁও জিলা অগপ ৷ বৃহস্পতিবাৰে অগপ দলৰ নেতৃত্বৰ পদত্যাগৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও জিলা অগপই সাব্যস্ত কৰে প্ৰতিবাদ ৷ সহস্ৰাধিক কৰ্মীক লগত লৈ দলটোৰ জিলা কাৰ্যালয়ৰ পৰা উলিওৱা হয় প্ৰতিবাদী সমদল ৷ সমদলৰ নেতৃত্ব দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ নগাঁও চহৰৰ মাজেৰে উলিওৱা সমদলৰ অন্তত জিলা কাৰ্যালয়ৰ সন্মুখতে অনুষ্ঠিত হয় প্ৰতিবাদী সভা ৷ এই সভাতেই জিলা নেতৃবৰ্গই বিজেপিক উৎখাত কৰাৰ বাবে অগপৰ নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী তোলে । ইয়াৰ লগতে দলীয় সদস্যসকলে অগপত পুনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্ব বিচাৰে ৷

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰি অবৈধ বিদেশীক ৰঙা দলিছা পাৰি দিয়া বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ তেখেতে কয় যে,এই আইনৰ অধীনত বাংলাদেশৰ পৰা আহিবলগীয়া অধিকাংশই অসমক বাছি ল'ব আৰু খিলঞ্জীয়াক সংখ্যালঘুত পৰিণত কৰি ৰাজনৈতিক অধিকাৰতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব৷ বৰ্তমানৰ অগপ নেতৃত্বক বিশ্বাসঘাতক আখ্যা দি প্ৰফুল্ল কুমাৰ মহন্তই কয় যে,অসমীয়া জাতিৰ কফিনত শেষৰটো গজাল মাৰিলে একমাত্ৰ অগপ সাংসদবীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত গিৰিন বৰুৱাৰ মন্তব্য

আনহাতে, অসম গণ পৰিষদ দল যদি জাহ যায় তেন্তে তাৰ বাবে অতুল বৰা,কেশৱ মহন্ত,ফণীভূষণ চৌধুৰীৰ লগতে ছয় সাতজনেই জগৰীয়া বুলি মন্তব্য কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ৷ ইয়াৰ লগতে অগপ দলৰ নাকি সদায় ৰাইজৰ লগতে থাকিব বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

ABOUT THE AUTHOR

...view details