অসম

assam

ETV Bharat / state

কলিয়াবৰত অগপৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন

সোমবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কলিয়াবৰ অগপ দলে এক সমদল উলিয়াই কলিয়াবৰ মহকুমা কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগক আইনখন বাতিল কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ ৷

কলিয়াবৰ
কলিয়াবৰত অগপৰ CA(A) বিৰোধী প্ৰতিবাদ

By

Published : Dec 16, 2019, 9:39 PM IST

কলিয়াবৰ, 16 ডিচেম্বৰঃ দলীয়া নেতৃত্বৰ বিৰুদ্ধে গৈ কলিয়াবৰ জিলা অগপৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কেশৱ মহন্তৰ গৃহ সমষ্টিত কেশৱ মহন্তৰ ভাতৃ তথা অগপৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তৰ নেতৃত্বত দুই সহস্ৰাধিক অগপৰ নেতা-কৰ্মীয়ে বিগত 14 ডিচেম্বৰ পৰা কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

কলিয়াবৰত অগপৰ CA(A) বিৰোধী প্ৰতিবাদ

সোমবাৰেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কলিয়াবৰ অগপ দলে এক সমদল উলিয়াই কলিয়াবৰ মহকুমা কাৰ্যালয়ত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰীয়তে আইনখন বাতিল কৰিবলৈ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ অগপ দলৰ মন্ত্ৰী-বিধায়কে নাগৰিকত্ব সংশোধনী আইন সপক্ষে থকা স্থিতিৰ বিপৰীতে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত অগপ দলৰ এই বিৰোধী কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় ।

আৰু পঢ়কঃ ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব

ABOUT THE AUTHOR

...view details