কলিয়াবৰ,৫ জুন :মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বহু স্থানত দলটোত নতুন সদস্যই যোগদানো কৰা দেখা গৈছে । ইয়াৰ মাজতে মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত 'বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা' অনুষ্ঠিত হয় (Enhanced Executive Meeting of AGP in Kaliabor)। শনিবাৰে আয়োজিত কলিয়াবৰ বিধান পৰিষদৰ কাৰ্যনিৰ্বাহকত বহু নতুন সদস্যই যোগদানো কৰে (AGP joining program in Kaliabor)।
দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন দিশ সম্পৰ্কে কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয় । এই সভাত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীকে ধৰি কেইবাজনো অগপ নেতা উপস্থিত থাকে । ইফালে কলিয়াবৰৰ নেতা-কৰ্মীসকলৰ সৈতে জ্যেষ্ঠ নেতাকেইগৰাকীয়ে মত-বিনিময়ো কৰে ।
আগন্তুক দিনত দলৰ বিভিন্ন কাৰ্যপন্থা লগতে ৰণকৌশল সম্পৰ্কে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়ায় নেতাকেইগৰাকীয়ে । শেহতীয়াকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক লৈ আনন্দিত অগপ নেতাসকল । মন্ত্ৰীসভাত অগপৰ এগৰাকী নতুন বিধায়কে স্থান পোৱাটো কামনা কৰে নেতাকেইগৰাকীয়ে । তেওঁলোকৰ মতে কাক নতুনকৈ মন্ত্ৰীসভাত স্থান দিব সেয়া মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব । কিন্তু অগপৰ এগৰাকীয়ে স্থান পোৱাটো তেওঁলোকে বিচাৰে ।