অসম

assam

By

Published : Sep 15, 2019, 12:52 PM IST

ETV Bharat / state

কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান

অব্যাহত আছে অসম গণ পৰিষদৰ সদস্য ভৰ্তি অভিযান ৷ কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান"। কলিয়াবৰৰ কুঁৱৰীটোল স্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

অগপত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতী যোগদান


নগাঁও, 15 ছেপ্তেম্বৰঃ2021 চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে ৷ ব্যাপক ৰূপত অব্যাহত আছে সদস্য ভৰ্তি অভিযান ৷ নগাঁৱৰ কলিয়াবৰত অসম গণ পৰিষদ দলৰ "সদস্য ভৰ্তি অভিযান"ৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন হয় । কলিয়াবৰৰ কুঁৱৰীটোল অগপৰ মুখ্য কাৰ্যালয়ত বিয়লি অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ সভাৰ শুভাৰম্ভণী কৰে যুৱ প্ৰজন্মৰ নেতা মণিমাধৱ মহন্তই । এই সভাত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাবে যোগদান কৰে অগপত ৷ জাতীয়তাবাদৰ লক্ষ্যৰে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিশ্ৰুতিবদ্ধ হোৱা বুলি মন্তব্য কৰে দলটোৰ জ্যেষ্ঠ নেতা সকলে ।

অগপত নৱ প্ৰজন্মৰ ভালেমান যুৱক-যুৱতী যোগদান

অসম গণ পৰিষদৰ প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনক পুনৰুজ্জীৱিত কৰি আঞ্চলিকতাবাদী চিন্তাধাৰাক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে সদস্য ভৰ্তি অভিযান সমগ্ৰ অসমতে আৰম্ভ কৰিছে বুলি মন্তব্য কৰে অগপৰ নেতৃত্বই ।

ABOUT THE AUTHOR

...view details