অসম

assam

অগপ কৰ্মীৰ মুখত ‘‘হিমন্ত গ’ বেক’’

By

Published : Mar 6, 2021, 12:46 PM IST

Updated : Mar 6, 2021, 1:09 PM IST

লাহৰীঘাট বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ কাদিৰুজ্জামান জিন্নাৰ নাম ঘোষণা কৰাৰ ফলত অগপৰ নেতৃবৰ্গৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দলীয় কৰ্মী ৷

অগপ কৰ্মীৰ মুখত ‘‘হিমন্ত গ’ বেক’’
অগপ কৰ্মীৰ মুখত ‘‘হিমন্ত গ’ বেক’’

ধিং,6 মাৰ্চঃ শুকুৰবাৰে নিশা লাহৰীঘাটত উত্তপ্ত পৰিস্থিতি ৷ অগপৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দলীয় কৰ্মী ৷ নিশাই প্ৰতিবাদী কৰ্মীয়ে লাহৰীঘাটত অগপৰ কাৰ্যালয় কৰিলে লণ্ড-ভণ্ড ৷

লাহৰীঘাটত অগপৰ প্ৰতিবাদ

শুকুৰবাৰে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷ লাহৰীঘাট বিধানসভা সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ কাদিৰুজ্জামান জিন্নাৰ নাম ঘোষণা কৰা হয় ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰে লাহৰীঘাটৰ অগপ কৰ্মীসকল ৷

অগপ কৰ্মীৰ মুখত ‘‘হিমন্ত গ’ বেক’’

প্ৰতিবাদী অগপ কৰ্মীয়ে অতুল বৰা, কেশৱ মহন্তৰ লগতে ফণীভূষণ চৌধুৰীৰ পুত্তলিকা আৰু বেনাৰ-পোষ্টাৰ দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ আনকি প্ৰতিবাদী কৰ্মীসকলে অগপ ত্যাগ কৰি প্ৰয়োজনত বিজেপিত যোগদান কৰিব বুলিও মন্তব্য কৰে ৷ এই হুংকাৰ প্ৰদান কৰা একাংশ অগপ কৰ্মীয়ে আকৌ হিমন্ত গ’ বেক ধ্বনি দিয়ে ৷

লগতে পঢ়কঃমৰাণত কংগ্ৰেছৰ সাংগঠনিক সভা

Last Updated : Mar 6, 2021, 1:09 PM IST

ABOUT THE AUTHOR

...view details