নগাঁও,13 জুলাই : সোমবাৰে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত 30 জনকৈ অগপ কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷ আঞ্চলিক দল অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ নকৰাৰ লগতে আঞ্চলিকতাবাদক বিসৰ্জন দিয়াৰ অভিযোগ উত্থাপন কৰে আঞ্চলিক দলটোৰ ভাতৃ সংগঠন যুৱ পৰিষদে ৷
কংগ্ৰেছত নতুনকৈ 30 অগপ কৰ্মীৰ যোগদান - Congress party
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ উপস্থিতিত সোমবাৰে নগাঁৱত 30 জনকৈ অগপ কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত । অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য তথা কংগ্ৰেছ দলত যোগদানকাৰী জ্যোতিস্ময় কোঁৱৰৰ নেতৃত্বত হোৱা এই যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰৰ জনসাধাৰণৰ পৰা দুৰত্ব বৃদ্ধি পাইছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে,ভাতৃ সংগঠন যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য জ্যোতিস্ময় কোঁৱৰৰ নেতৃত্বত কোঁৱৰসহ 30 জনকৈ কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত । যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে শাসকীয় বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে । কেৱল টোল সংগ্ৰহ,কয়লা,চুপাৰি আদিৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন কৰি ক্ৰমান্বয়ে বিজেপি আৰু জনসাধাৰণৰ মাজৰ দুৰত্ব বৃদ্ধি পোৱা বুলি মন্তব্য কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ।
লগতে পঢ়ক : বিনামূলীয়া পশু খাদ্য বিতৰণক লৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতি