নগাঁও, 8 মাৰ্চ:সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে বিভিন্ন দলৰ মাজত সৃষ্টি হোৱা প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতে যে আগন্তুক নিৰ্বাচনত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব সেই কথা স্পষ্ট হৈ পৰিছে ৷
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হিচাপে অসম গণ পৰিষদেও প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত এই লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ কিয়নো অগপৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা এইবাৰ বাদ পৰিছে বৃন্দাবন গোস্বামীৰ লগতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অগপৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা ৷