কলিয়াবৰ, ১২ ডিচেম্বৰ: কলিয়াবৰত অনুষ্ঠিত হোৱা অসম মহিলা পৰিষদৰ প্ৰতিনিধি সভাত জাতীয়াতাবাদী দলটোক শক্তিশালী কৰাৰ আহ্বান অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ । শনিবাৰে অগপৰ মহিলা গোট অসম মহিলা পৰিষদৰ কলিয়াবৰ বিধান পৰিষদৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।
কলিয়াবৰত অসম গণ পৰিষদত যোগদান শতাধিক মহিলাৰ মন্ত্ৰী মহন্তৰ উপস্থিতিত দলৰ কুঁৱৰীটোলস্থিত কাৰ্যালয়ত দলত যোগদান কৰে শতাধিক মহিলাই ।
অসম গণ পৰিষদ দললৈ মহিলাসকলক আদৰণি জনাই অসমৰ জাতীয়তাবাদী সত্বাৰ উন্নতিত মহিলাসকলৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰে কেশৱ মহন্তই। সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ অগপ দলেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।
লগতে পঢ়ক:CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল