অসম

assam

By

Published : Mar 16, 2021, 3:04 PM IST

ETV Bharat / state

কলিয়াবৰত অগপ-বিজেপিৰ কংগ্ৰেছত যোগদান

ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে নেতা-কৰ্মীৰ মাজত আৰম্ভ হোৱা সংঘাতৰ পৰিণতি বিগত দিনকেইটাত পৰিলক্ষিত হৈছে । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে দল ত্যাগ কৰিছে একাংশ নেতা-কৰ্মীয়ে । কলিয়াবৰত অগপ আৰু বিজেপি দলৰ শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰিলে বিৰোধী দল কংগ্ৰেছত ।

কলিয়াবৰত কংগ্ৰেছত যোগদান অগপ-বিজেপি কৰ্মীৰ
কলিয়াবৰত কংগ্ৰেছত যোগদান অগপ-বিজেপি কৰ্মীৰ

কলিয়াবৰ,১৬ মাৰ্চ: নগাঁৱৰ কলিয়াবৰত কংগ্ৰেছলৈ ঢাপলি মেলিছে অসম গণ পৰিষদ আৰু বিজেপি দলৰ বহু নেতা-কৰ্মীয়ে । সোমবাৰে কলিয়াবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে দলটোৰ সদস্য়তা গ্ৰহণ কৰিলে আঞ্জুকপানী সোণাজুৰি অঞ্চলৰ অসম গণ পৰিষদ আৰু বিজেপি দলৰ শতাধিক কৰ্মীয়ে ।

কলিয়াবৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ উপস্থিতিতে কৰ্মকৰ্তাসকলে দলটোত যোগদান কৰে । আনহাতে, কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰি প্ৰশান্ত কুমাৰ শইকীয়াক বিপুল ভোটক জয়ী কৰাব বুলি দাবী কৰে ন-কংগ্ৰেছীসকলে ।

কলিয়াবৰত অগপ-বিজেপিৰ কংগ্ৰেছত যোগদান

এতিয়া ৰাজ্যৰ ভিন্ন জিলাত এনে দল বাগৰাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে । নিজ দলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি নিৰ্বাচনৰ পূৰ্বেই ক্ষুদ্ধ নেতা-কৰ্মীয়ে আন দলত যোগদান কৰিছে ।

লগতে পঢ়ক:নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড:তিনিটা পৰিয়ালৰ বাসগৃহ ভষ্মীভূত

ABOUT THE AUTHOR

...view details