অসম

assam

ETV Bharat / state

গৌৰৱ গগৈ এতিয়া এ আই ইউ ডি এফৰ প্ৰাৰ্থীঃ অতুল বৰা - কলিয়াবৰত বিশাল নিৰ্বাচনী সভা

এইবাৰ গগৈ পৰিয়ালৰ বিদায় নিশ্চিতঃ আঙুৰলতা ডেকা

AGP

By

Published : Mar 28, 2019, 4:03 PM IST

কলিয়াবৰ , 28 মাৰ্চঃকলিয়াবৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ জেষ্ঠ নেতাসকলৰ অংশগ্ৰহণ । লোকসভা নিৰ্বাচনত উন্নয়নকামী সকলো ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে অগপ বিজেপিৰ জেষ্ঠ নেতাসকলে ।

কলিয়াবৰ

সভাত উপস্থিত থকা মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত, মন্ত্ৰী কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, আৰু অতুল বৰাই কংগ্ৰেছ দল তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীৰ্যক সমালোচনা কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰ স্নেহত সকলো জলাঞ্জলি দিয়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই । লগতে কলিয়াবৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ এতিয়া কংগ্ৰেছ নহয় এ আই ইউ ডি এফৰহে প্ৰাৰ্থী বুলিমন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰৰ পৰা এইবাৰ গগৈ পৰিয়ালৰ বিদায় নিশ্চিত বুলি মন্তব্য আগবঢ়াই বিধায়িকা আঙুৰলতাই ।

ABOUT THE AUTHOR

...view details