অসম

assam

ETV Bharat / state

ৰূপহীহাটৰ জুৰীয়াত পুনৰ অগ্নিকাণ্ড - জুৰীয়া আৰক্ষীয়ে কৰায়ত্ব

লাওখোৱা অভয়াৰণ্যৰ জুৰীয়া সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ কাটাখালত থকা বন শিবিৰত অগ্নিসংযোগ কৰাৰ লগতে পথাৰত থকা কেবাটাও পহৰা দিয়া ঘৰতো অগ্নিসংযোগ কৰে ৷

again-fire-juria-laokhwoa-park-sutirpara
ৰূপহীহাটৰ জুৰীয়াত পুনৰ অগ্নিকাণ্ড

By

Published : Apr 22, 2020, 5:14 PM IST

ৰূপহীহাট 22 এপ্ৰিলঃ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত সঘনাই বৃদ্ধি পাইছে অগ্নিকাণ্ডৰ ঘটনা এইবাৰ টাৰ্গেট বন শিবিৰ ৷ মঙলবাৰে নিশাও লক ডাউনৰ সুবিধা লৈ এটা দুষ্ট চক্ৰই লাওখোৱা অভয়াৰণ্যৰ জুৰীয়া সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ কাটাখালত থকা বন শিবিৰত অগ্নিসংযোগ কৰাৰ লগতে পথাৰত থকা কেবাটাও পহৰা দিয়া ঘৰতো অগ্নিসংযোগ কৰে ।

ৰূপহীহাটৰ জুৰীয়াত পুনৰ অগ্নিকাণ্ড

অৱশ্যে বনকৰ্মী আৰু স্থানীয় লোকে পানী ঢালি জুই নিৰ্বাপন কৰে ৷ সৌভাগ্য ক্ৰমে বৰষুণৰ বতৰ হোৱাৰ বাবেও কিছু পৰিমাণে ৰক্ষা পৰে ৷ উল্লেখ্য যে,জুৰীয়াৰ বিভিন্ন অঞ্চলত সঘনাই অগ্নিকাণ্ড সংঘটিত কৰি -আহিছে এটা দুষ্ট চক্ৰই ।

ৰূপহীহাটৰ জুৰীয়াত পুনৰ অগ্নিকাণ্ড

এই দুষ্ট চক্ৰৰ এজনক জুৰীয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে যদিও দুষ্ট চক্ৰটোৰ আন সদস্যই লক ডাউনৰ সুৱিধা লৈ বৰ্তমানেও বিভিন্ন এলেকাত সংঘটিত কৰি আহিছে অগ্নিকাণ্ডৰ ঘটনা ।
লগতে পঢকঃ ৰঙিয়াৰ চৰকাৰী কাৰ্যালয়ৰ কাম কাজ আৰাম্ভ

ABOUT THE AUTHOR

...view details