চামগুৰি, 3 আগষ্ট:বিতৰ্কই যেন পিছ নেৰা হৈছে ৰাজ্যৰ শিক্ষা বিভাগক ৷ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে অসম মাধ্যমিক শিক্ষা সংসদ ৷
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি শিক্ষাৰ্থীয়ে উত্থাপন কৰিছে অভিযোগ ৷ অভিযোগ অনুসৰি, ধনৰ লেনদেনৰ জড়িয়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকন কৰিছে বিদ্যালয়ে ৷ উৎকোচ লৈ পৰীক্ষাত নবহা শিক্ষাৰ্থীকো উত্তীৰ্ণ কৰাই দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷
পুনৰ বিৰ্তকৰ মাজত সোমাই পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ এই অভিযোগ তৰিছে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে ৷
উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ'লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে ফলাফল ৷ কিন্তু এই ফলাফলক লৈয়েই ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰো অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক:হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক
অভিযোগ অনুসৰি, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱজ্যোতি গোস্বামী আৰু এগৰাকী সহ শিক্ষকে ধনৰ বিনিময়ত শিক্ষাৰ্থীক নম্বৰ দিয়ে ৷ যাৰ ফলত পৰীক্ষাত নহবা শিক্ষাৰ্থীও উত্তীৰ্ণ হৈছে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৷ ইয়াকে কেন্দ্ৰ কৰি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷
ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত মত প্ৰকাশ কৰাৰ পৰাও বিৰত আছে অধ্যক্ষ প্ৰণৱজ্যোতি গোস্বামী ৷ প্ৰধান শিক্ষক গৰাকীৰ মৌনতাক লৈয়ো এতিয়া বিভিন্ন মহলত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ৷
ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ কিমান সঁচা সেইয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ যদি সঁচাকৈয়ে মূল্যায়নৰ নামত কোনো শিক্ষকে ধন লোৱাৰ দৰে ঘটনা সংঘটিত কৰিছে, তেন্তে এইয়া এক কলংকিত অধ্যায় হিচাপে বিবেচিত হ'ব ৷ বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনাইছে সচেতন মহলে ৷
লগতে পঢ়ক:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক