নগাঁও, 1 আগষ্টঃ ক’ৰণা ভাইৰাছৰ নতুন হ’টস্পটলৈ পৰিণত হৈছে নগাঁও জিলা ৷ জিলাখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যাই 2 সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতেই জিলাখনৰ সৰ্বত্ৰে সৃষ্টি হৈছে আতংকৰ ৷ ইতিমধ্যে মহামাৰীৰ চিকাৰ হৈছে পূৰ্বে ভ্ৰমণ বৃত্তান্ত নথকা জিলাখনৰ বহু লোক ৷
ক’ৰণাৰ গণসংক্ৰমণৰ বলি নগাঁও জিলাঃ নতুনকৈ আক্ৰান্ত 86 - নগাঁৱত নতুনকা আক্ৰান্ত 86
ভ্ৰমণ বৃত্তান্ত নথকা বহু সংখ্যকৰ দেহত পোৱা গৈছে কোভিড 19 পজিটিভ ৷ জিলাখনত সম্প্ৰতি চিকিৎসাধীন 336 জন ৰোগী ৷

ক’ৰণাৰ গণসংক্ৰমণৰ বলি নগাঁও জিলাঃনতুনকৈ আক্ৰান্ত 86
শেহতীয়াকৈ জিলাখনত 86 জন ব্যক্তিৰ দেহত কোভিড 19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই 2075 গৰাকীলৈ বৃদ্ধি পাইছে মুঠ আক্ৰান্তৰ সংখ্যা ৷ জিলাখনৰ মুঠ আক্ৰান্তৰ 336 জন সম্প্ৰতি চিকিৎসাধীন হৈ থকাৰ লগতে বৰ্তমানলৈকে সুস্থ হৈ উঠিছে 1739 জন ব্যক্তি ৷
লগতে পঢ়কঃ তিনি তালাক আইনৰ বৰ্ষপূৰ্তি : মুছলিম মহিলাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰীৰ