ফেচবুকত অধিবক্তাৰ অশ্লীল মন্তব্য
চ'ছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ দেৱব্ৰত শইকীয়া নামৰ অধিবক্তা গৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰে ৷ অধিবক্তা গৰাকীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠিছে মহিলা অধিবক্তাসকল
নগাঁও, 29 জুনঃ ফেচবুকত বিতৰ্কিত মন্তব্য কৰি সতীৰ্থ অধিবক্তাৰ ৰোষত অধিবক্তা । অভিযুক্ত অধিবক্তা দেৱব্ৰত শইকীয়াক গ্ৰেপ্তাৰৰ দাবী সতীৰ্থৰ ৷ চ'ছিয়েল মিডিয়াত বিতৰ্কিত মন্তব্যৰে একাংশ দুষ্ট চক্ৰই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে নগাঁৱৰ দেৱব্ৰত শইকীয়া নামৰ অধিবক্তা গৰাকীয়ে ফেচবুকত মুছলিম মহিলাক অশ্লীল শব্দ প্ৰয়োগ কৰি মন্তব্য কৰে ৷ অধিবক্তা গৰাকীৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠিছে
মহিলা অধিবক্তাসকল ৷ বিতৰ্কিত মন্তব্য দিয়া অধিবক্তা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰা হয় ৷ লগতে অভিযুক্ত দেৱব্ৰত শইকীয়াক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে মহিলা অধিবক্তাই । অন্যথা আন্দোলৰো হুংকাৰ দিয়ে মহিলা প্ৰতিবাদকাৰীসকলে ৷