অসম

assam

ETV Bharat / state

শিলঘাটৰ খহনীয়া ৰোধৰ বাবে এডিবিৰ 3,700 কোটি - শিলঘাটৰ খহনীয়া ৰোধ

শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ আঁচনিৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা প্ৰায় 3,700 কোটি টকা লাভ কৰিছে অসম চৰকাৰে (ADBs fund for Assam government) । কলিয়াবৰৰ শিলঘাটবাসীৰ বাবে এই ভাল খবৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

adb-release-fund-for-silghat-erosion-protection-scheme
শিলঘাটৰ খহনীয়া ৰোধৰ বাবে এডিবিৰ 3,700 কোটি

By

Published : May 20, 2022, 7:43 PM IST

কলিয়াবৰ, 20 মে': শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ আঁচনিৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা প্ৰায় 3,700 কোটি টকা লাভ কৰিছে অসম চৰকাৰে । কলিয়াবৰৰ শিলঘাটবাসীৰ বাবে এই ভাল খবৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই (WR Minister Pijush Hazarika at Kaliabor ) ৷

লগতে পুনৰুজ্জীৱিত কলং আঁচনি সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে অচিৰেই কলিয়াবৰলৈ আহি কামৰ অগ্ৰগতিৰ বুজ ল'ব বুলি প্ৰকাশ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এবছৰৰ ভিতৰত সমাপ্ত হ'ব খহনীয়া ৰোধৰ এই কাম । শিলঘাটৰ খহনীয়া ৰোধৰ বাবে প্ৰায় তিনিশ কোটি টকীয়া আঁচনিৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হৈ আহিছিল ৷

শিলঘাটৰ খহনীয়া ৰোধৰ বাবে এডিবিৰ 3,700 কোটি

বিজ্ঞানসন্মতভাৱে পাৰ্কুপাইন সংস্থাপন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগীয়ভাৱে এই ব্যৱস্থা কৰা হয়৷ যদিহে সংস্থাপনত খুটি-নাতি থাকে বা আছে সেই বিষয়ে তদাৰক কৰা হ'ব । কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা কৰাৰ লগতে বৈঠকত মিলিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা ।

আনহাতে, কংগ্ৰেছ দলক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Murder in Guwahati: গুৱাহাটীৰ কৃষ্ণনগৰত চাঞ্চল্যকৰ ঘটনা

ABOUT THE AUTHOR

...view details