নগাঁও, 25 অক্টোবৰ :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শোকাৱহ ঘটনা ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১ কে. ভি. বিদ্যুৎ পৰিবাহী তাঁৰৰ লাগি বিদ্যুৎস্পৃষ্ট হয় 'ঐৰাৱত' নামৰ বন বিভাগৰ এটা হাতীৰ লগতে দুটা বন গাহৰি আৰু এটা হৰিণা ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা হাতীটোৰ শিকলি লাগি ধৰাত সংঘটিত হয় শোকাৱহ ঘটনাটো ৷
বন বিভাগৰ লোক সদৰী কৰা মতে, বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১ কে. ভি. বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ বহুবাৰ কলিয়াবৰ বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছিল বন বিভাগে ৷ কিন্তু বিদ্যুৎ সংমণ্ডলটোৱে কোনো কাৰ্যপন্থা হাতত লোৱা নাছিল ৷ যাৰ ফলতে সোমবাৰে দিনৰ ভাগত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰিছে একাংশ লোকে ৷