নগাঁও, 10 জানুৱাৰী:নগাঁও জিলাৰ চামগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে বিয়লি সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে এজন বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী ভজন বণিক। নিহত লোকজনৰ ঘৰ চামগুৰিৰ গটঙাত বুলি জানিব পৰা গৈছে । চামগুৰিৰ বজাৰৰ পৰা নিজ ঘৰলৈ গৈ আছিল লোকজন। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক বাহনসহ পলায়নৰ চেষ্টা চলাই যদিও চামগুৰি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।
নগাঁৱৰ চামগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত 1 - চামগুৰিৰ পথ দুৰ্ঘটনাত এজন নিহত
দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী ভজন বণিক। নিহত লোকজনৰ ঘৰ চামগুৰিৰ গটঙাত বুলি জানিব পৰা গৈছে ।
চামগুৰিত পথ দুৰ্ঘটনা