কামপুৰত ট্ৰাক - টেম্প’ৰ মুখামুখি সংঘৰ্ষ - ambulance
উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয় আহত লোকসকলক

কামপুৰত ট্ৰাক - টেম্প’ৰ মুখামুখি সংঘৰ্ষ
কামপুৰ, 28 জুলাই : কামপুৰৰ কঠালগুৰিত পথ দুৰ্ঘটনা । ট্ৰাক আৰু টেম্প’ৰ মুখামুখি সংঘৰ্ষত 9 জন গুৰুতৰ ভাবে আহত । ইফালে, 108 ক খবৰ দিয়াৰ পিছতো সময়ত এম্বুলেঞ্চ উপস্থিত নোহোৱাৰ অভিযোগ । স্থানীয় লোকৰ তৎপৰতাত দুৰ্ঘটনাত আহত হোৱা লোকসকলক ব্যক্তিগত গাড়ীৰে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়া হয় । দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনৰ নম্বৰ AS03-C-9156 আৰু টেম্প’ খনৰ নম্বৰ AS02-AC-1203 ৷ পাচত কঠিয়াতলীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত ট্ৰাক আৰু টেম্প’খন জব্দ কৰে ।
কামপুৰত ট্ৰাক - টেম্প’ৰ মুখামুখি সংঘৰ্ষ