অসম

assam

By

Published : Feb 15, 2021, 2:24 PM IST

ETV Bharat / state

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ কলিয়াবৰৰ আমবাগান অঞ্চলত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । প্ৰায় দুঘন্টা ধৰি পথ অৱৰোধ কৰে স্থানীয় ৰাইজৰ ।

কলিয়াবৰৰ আমবাগান অঞ্চলত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
কলিয়াবৰৰ আমবাগান অঞ্চলত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

কলিয়াবৰ, ১৫ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰৰ আমবাগান অঞ্চলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । সোমবাৰেও সংঘটিত হয় এক পথ দুৰ্ঘটনা । জিলাখনৰ আমবাগানত বনবিভাগৰ বাহনত এখন মেক্সিম’ ভানে প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত পথৰ কাষতে বাগৰি পৰে বাহনখন । কথমপি প্ৰাণ ৰক্ষা পৰে দুয়োখন বাহনৰ চালকৰ । ইফালে দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত ব‍্যক্তিসকলক ততালিকে ওচৰৰে চিকিৎসালয়য়লৈ প্ৰেৰণ কৰা হয় ।

কলিয়াবৰৰ আমবাগান অঞ্চলত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

এই ঘটনাৰ পাছতেই পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দুই শতাধিক ৰাইজে । কিয়নো আমাবাগানৰ মাজ-মজিয়াতে তিনিখনকৈ বিদ‍্যালয়, ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কলিয়াবৰ নগাঁও সংযোগী পথটোৰে অত‍্যাধিক যান-বাহন অহা যোৱা কৰাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আমাবাগানৰ পথচোৱাত অনতিপলমে গতি ৰোধক দিয়াৰ দাবী জনায় । লগতে আমবাগানত থকা ৰাজ‍্যিক চিকিৎসালয়ত এজন নিয়মীয়া চিকিৎসকৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে । বৰ্তমানৰ চিকিৎসকজন সময়মতে চিকিৎসালয়ত উপস্থিত নথকা আৰু সপ্তাহত এদিন বা দুদিনহে উপস্থিত থকাৰো অভিযোগ উত্থাপন কৰে ৰাইজে । চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ ফলত বৃহত্তৰ আমবাগানবাসী যথেষ্ঠ দুৰ্ভোগ ভূগী আহিছে ।

প্ৰায় দুঘন্টা ধৰি উক্ত পথচোৱা অৱৰোধ কৰে স্থানীয় ৰাইজে । ফলত ঘাইপথত তীব্ৰ জান-যঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আমাবাগান আৰু উলুৱনী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

ABOUT THE AUTHOR

...view details