অসম

assam

ETV Bharat / state

কলিয়াবৰত পথ দুৰ্ঘটনাত আহত ৭ - Accident at Kaliabor

ৰাজ্য়ৰ বিভিন্ন ঠাইত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত হোৱা আঁসোৱাহৰ বাবে নিতৌ সংঘটিত হৈ আছে দুৰ্ঘটনা । ইয়াৰ মাজতে কলিয়াবৰৰ হাতীবন্ধাতত পুনৰ সংঘটিত হ'ল পথ দুৰ্ঘটনা (Accident at Kaliabor)

kaliabar
Accident at Kaliabor: কলিয়াবৰত পথ দুৰ্ঘটনাত আহত ৭

By

Published : Jul 7, 2022, 12:25 PM IST

কলিয়াবৰ, ৭ জুলাই: ৰাজ্য়ৰ বিভিন্ন ঠাইত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত হোৱা আঁসোৱাহৰ বাবে নিতৌ সংঘটিত হৈ আছে দুৰ্ঘটনা। ইয়াৰ মাজতে কলিয়াবৰৰ হাতীবন্ধাত পুনৰ সংঘটিত হ'ল পথ দুৰ্ঘটনা (Accident at Kaliabor)। ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭(ক) নং ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

Accident at Kaliabor: কলিয়াবৰত পথ দুৰ্ঘটনাত আহত ৭

নলতলীৰ পৰা চুলং অভিমুখী এখন টেম্প' গৈ থাকোতে মহতিয়াই নিয়ে একে দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাছে । উক্ত দুৰ্ঘটনাটোৰ ফলত ৭জনকৈ লোক গুৰুতৰভাৱে আহত হয় । পাছত এই ঘটনাৰ বিষয়ে জানিব পাৰি চুলুং থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় (Police of Sulung Police Station rush to accident spot)। লগে লগে আৰক্ষীয়ে আহত সকলক স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ‍্য যে একেটা পথতে যোৱা সময়ছোৱাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে । ইপিনে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণ প্ৰতিষ্ঠানৰ হেমাহিৰ ফলতে সঘনাই পথ দুৰ্ঘটনা হৈ আছে বুলি অভিযোগ উঠিছে । সঘনাই এনে দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পিছতো আজিলৈকে গা লৰা নাই প্ৰশাসনৰ।

লগতে পঢ়ক:গুৱাহাটীত বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ

ABOUT THE AUTHOR

...view details