অসম

assam

ETV Bharat / state

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ - চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ

বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ত নাভুত-নাশ্ৰুত কাণ্ড । চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ ৷

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ

By

Published : Sep 14, 2019, 4:19 PM IST

বটদ্ৰৱা, 14 ছেপ্তেম্বৰঃ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ চিকিৎসালয়ত কি চলিছে ? দলং ঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে নাভুত-নাশ্ৰুত কাণ্ড ৷ সময়মতে উপস্থিত নহয় চিকিৎসক । চিকিৎসকৰ অনুপস্থিতত ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি ৰ’ব লগা হয় ৰোগী ৷ জৰুৰীকালীন অৱস্থাতো চিকিৎসকৰ অভাৱত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৷ এই ঘটনাই উদঙাইছে বটদ্ৰৱা স্বাস্থ্য বিভাগৰ ফোপোলাস্বৰূপ ৷ শনিবাৰে পুৱা 7 বজাৰ পৰাই অপেক্ষা কৰি থাকিবলগীয়া হৈছে ৰোগী ৷ কিন্তু 11 বজাত পৰ্যন্ত চিকিৎসক উপস্থিত নোহোৱাত উত্তেজিত হৈ পৰে ৰাইজ ।

আঙুৰলতা ডেকাৰ সমষ্টিত চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ

ৰাইজৰ অভিযোগ দলং ঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত চিকিৎসক আছে যদিও নিজৰ সুবিধা অনুসৰিহে উপস্থিত থাকে চিকিৎসক । যাৰ ফলস্বৰূপে সাধাৰণ লোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ এনে হেমাহিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

...view details