নগাঁও, ২৯ জুন :চূড়ান্ত ৰায়ৰ দিশে আগবাঢ়িছে দেশ কঁপোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া (Abhi Neel murder trial)। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলি থকা অভি-নীল হত্যাকাণ্ডৰ (Abhi Neel murder case) গোচৰৰ বুধবাৰে শুনানি গ্ৰহণ কৰে ন্যায়াধীশে । বুধবাৰে অভি-নীল হত্যাকাণ্ডৰ আন এগৰাকী অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিল তদানীন্তন আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসে । জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ সন্দৰ্ভত আদালতে সাক্ষ্য গ্ৰহণ কৰে যতীন চন্দ্ৰ দাসৰ । অৱশ্যে বুধবাৰে সম্পূৰ্ণ হোৱা নাই তদন্তকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া । এই পৰ্য্যন্ত ৬৯ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত । অভি-নীল হত্যাকাণ্ডৰ মুঠ ৭১ জন সাক্ষীৰ ৬৯ জনৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ।